![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সোমবাৰে নিশা কাৰবি আংলং জিলাৰ চহৰ ডিফুত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ সমীপৱৰ্তী ৫ মাইলৰ ৰংবং তিমুঙ গাঁৱত সংঘটিত উক্ত হত্যাকাণ্ড ৷
দুৰ্বৃত্তৰ হাতত নিহত হোৱা লোকজনৰ পুত্ৰই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, সোমবাৰে নিশা সকলোৱে ঘৰৰ ভিতৰত সোমাই থকা অৱস্থাত বাহিৰত থকা তেওঁৰ বৃদ্ধ পিতৃ মনিচন্দ্ৰ বে ওৰফে লুনচেক তিনিজনীয়া অজ্ঞাত দুৰ্বৃত্তৰ দলে ঘৰৰ পৰা ৰাস্তা দেখুৱাই দিবলৈ মাতি লৈ যায় ৷
বৃদ্ধগৰাকীক তেনেদৰে মাতি লৈ যোৱা দেখি মনিচন্দ্ৰ বে’ৰ ছোৱালীৰ সন্দেহ উপজে আৰু নিজ ভাতৃক পিতৃক বিচাৰিবলৈ কয় ৷ সেই মৰ্মে মনিচন্দ্ৰৰ পুত্ৰই মনিচন্দ্ৰক বিচাৰি ৰাস্তালৈ ওলাই তিনিজনীয়া অচিনাক্ত লোকৰ সৈতে গৈ থকা দেউতাক অ’ বুঢ়া ক’ত গৈ আছে বুলি সোধে ৷
কিন্তু মনিৰাম আৰু তিনিজনীয়া লোকৰ পৰা কোনো সদুত্তৰ নাপাই পুত্ৰৰ সন্দেহ দ্বিগুণে বৃদ্ধি পায় ৷ উপাই নাপাই পুত্ৰই অধিক আত্মীয়ক মাতি আনি পুণৰ বিচাৰিবলৈ ধৰে যদিও চাৰিওফালে গোটেই নিশা বিচাৰিও বৃদ্ধ পুত্ৰৰ একো শুংসুত্ৰ উলিয়াব নোৱাৰিলে ৷
আজি পুৱতি নিশাহে বৃদ্ধ মনিচন্দ্ৰৰ মৃতদেহটো ঘৰৰ পৰা আধা কিলেমিটাৰ দূৰৰ ৰাস্তাৰ কাষত মৃত অৱস্থাত পৰি থকা উদ্ধাৰ কৰে ৷ মৃতদেহটোৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিহ্ন স্পষ্ট হৈ আছে বুলি বৃদ্ধৰ পুত্ৰই উল্লেখ কৰে ৷
আনহাতে ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহৰ চুৰৎহাল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ এই সন্দৰ্ভত বৃদ্ধজনৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ডিফু থানাত ৩০৬/২০২১ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।












