![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ আজি বিয়লি বকলীয়াঘাট থানাৰ অন্তর্গত শিলভেটাত সংঘটিত হােৱা এক শােকাৱহ পথ দুর্ঘটনাত এঘাৰ জনকৈ যাত্রী কম-বেছি পৰিমাণে আঘাতপ্রাপ্ত হয়। প্রাপ্ত তথ্য অনুসৰি আজি বিয়লি প্রায় ৩.৩০ বজাত ডিফুৰ পৰা আহি থকা এএছ-২১-চি-২৩৬৬ নম্বৰৰ যাত্রীবাহী বাছখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাছখনৰ এঘাৰজন যাত্রী কম-বেছি পৰিমাণে আহত হয়।
আহত যাত্রী কেইজন ক্রমে, চিকা তিচপী (২৫), অণ্ডিকা কােচ (৪০), মেনছিং হাঞ্চে (৪৫), ৰামচিং ইংতি (৬০), বিদ্যা হাঞ্চে (৫৫), ৰাছিনজা ক্রামছাপী (৩৩), মইনা ইংতিপী (৪৫), চেৰলতা হাঞ্চেপী (১৬), কূপালী কোচ (৩৩), দিগন্ত শইকীয়া (২৬) আৰু ছুইটি টেৰণপী নামৰ এটি ডেৰ বছবীয়া শিশু দুর্ঘটনাটোত আঘাতপ্রাপ্ত হয়।
ইয়াৰে কপালী কোচক উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্রেৰণ কৰা হৈছে। দুর্ঘটনা সংঘটিত হােৱাৰ পিছতে বকলীয়াঘাট আৰক্ষী দুর্ঘটনাস্থলীত উপস্থিত হৈ দুর্ঘটনাগ্রস্ত লােকসকলক ততালিকে বকলীয়াঘাট প্রাথমিক চিকিৎসালয়ত ভর্তি কৰােৱা হয়। চালকৰ অতপালিৰ বাবেই দুর্ঘটনাতাে সংঘটিত হােৱা বুলি দুর্ঘটনাগ্রস্ত বাছখনৰ যাত্রীসকলে অভিযােগ কৰিছে।













