![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দেওবাৰে পুৱতি নিশাই হোৱা এজাক ডবা-পিটা বৰষুণত পশ্চিম কাৰবি আংলঙত নামি আহিল পাহাৰীয়া ঢল ৷ উক্ত পাহাৰীয়া ঢলে ক্ষন্তেকতে বুৰাই পেলালে বৈঠালাংচ আমট্ৰেঙৰ বহু অঞ্চল। স্থানীয় লোকৰ ভাষ্য অনুসৰি পুৱতি নিশা সকলো নিদ্ৰা মগ্ন হৈ থকা অৱস্থাত আৰম্ভ হয় এজাক বৰষুণৰ ৷
প্ৰায় এঘণ্টাজোৰা হোৱা বৰষুণৰ ফলত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ ডবা-পিটা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পাহাৰীয়া ঢলে এলেকাটোত তাণ্ডৱৰ সৃষ্টি কৰি এলেকাটোৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন কৰি তোলে ৷ উক্ত ঢলে খহাই নিয়ে পশ্চিম কাৰবি আংলঙৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথ। সম্পূৰ্ণৰূপে যাতায়ত স্তব্ধ হৈ পৰিছে বৈঠালাংছ’ আমচৈ হৈ-গুৱাহাটী সংযোগী পথ।
ইয়াৰোপৰি বিচ্ছিন্ন হৈ পৰিছে আমট্ৰেঙৰ পৰা কাৰ্বিলাংপি প্ৰকল্পলৈ যোৱা পথটো। আমট্ৰেং দৈনিক বজাৰৰ বহু দোকান ঘৰৰো বিস্তৰ ক্ষতি সাধন হৈছে ৷ লগতে এলেকাটোত যাতায়ত ব্যৱস্থাৰ লগতে খোৱাপানী আৰু বিদ্যুতৰো সমস্যাৰো সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷
বিগত ৭০ বছৰৰ পিছত এলেকাটোত এইটোৱেই বৃহৎ বানপানী বুলি স্থানীয় লোকে মত ব্যক্ত কৰিছে ৷












