নিউজ ডেক্স:
সহকর্মীক ধর্ষণ কৰি পলাতক দিল্লী এইমছৰ চিকিৎসক। তেওঁৰ সন্ধানত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী অভিযান।
দিল্লী আৰক্ষীৰ ডেপুটি কমিছনাৰ (দক্ষিণ) বেনিতা মেৰি জায়কৰে জনোৱা মতে, নির্যাতিতা চিকিৎসকগৰাকীয়ে যোৱা সোমবাৰে ধর্ষণৰ অভিযোগ দাখিল কৰে। তেওঁ কয়, ‘‘যোৱা ২৬ ছেপ্টেম্বৰত তেওঁলোক সকলোৱে এগৰাকী সহকর্মীৰ জন্মদিন উদ্যাপন কৰিছিল।
সেই সময়তে নির্যাতিতাতকৈ বয়সত ডাঙৰ এগৰাকী চিকিৎসক সহকর্মীয়ে তেওঁক ধর্ষণ কৰে।’’ তাৰ পিছৰ পৰাই অভিযুক্ত চিকিৎসকজনৰ সন্ধান পোৱা হোৱা নাই।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাজধানীৰ হাউজখাচ থানাত ধর্ষণৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত চিকিৎসকজন বৰ্তমান পলাতক। ১৬৪ ধাৰাত নির্যাতিতাৰ গোপন জবানবন্দী লৈছে আৰক্ষীয়ে।
দিল্লী আৰক্ষীৰ সূত্রৰ খবৰ মতে, অভিযুক্তৰ সন্ধান লাভৰ বাবে মোবাইল ফোনৰ নেটৱর্ক ট্র্যাক কৰা হৈছে। সোনকালে অভিযুক্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিব পৰা যাব বুলিও আৰক্ষীয়ে আশা কৰিছে।