![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: বোকাজান কয়লামাটিৰ আৰলংপীৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ এঘৰ মানুহৰ সকামত দিয়া চাহৰ লগত খাষ্টা বিস্কুট খাই অসুস্থ হৈ পৰিছে গাঁওখনৰ বহু লোক। বিস্কুট খোৱাৰ পিছতে বিষক্ৰিয়া হৈ পেটবিষ, বমি আৰু ডায়েৰীয়াত ভোগে গাঁওবাসীয়ে। তাৰ পিছতে এগৰাকী ৮ বছৰীয়া কিশোৰী বিষক্ৰিয়া হৈ মৃত্যু হয়।
তাৰ পিছতে গাঁওখনৰ প্ৰায় অৰ্ধ শতাধিক লোক আক্ৰান্ত হয় বিষক্ৰিয়াত। বোকাজান সামূহিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে অসুস্থ ব্যক্তিসকলক। তাৰে দুজনৰ স্বাস্থ্য অধিক অৱনতি ঘটা বাবে চুবুৰীয়া ৰাজ্য ডিমাপুৰলৈ নিয়া হৈছে।
চিকিৎসা লয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ নিলিপ পৰিষদীয় সদস্য পবিত্ৰ ৰংপিয়ে সম্পূৰ্ণ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হব বুলি আশ্বাস প্ৰদান কৰে।












