![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত কাৰবি আংলং আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰোদ্ধে লাভ কৰি গৈছে ইটোৰ পিছত সিটো সফলতা ৷ অসমৰ নৱ-প্ৰজন্মক ক্ৰমান্বয়ে পংগু কৰিবলৈ লোৱা বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰোদ্ধে আৰক্ষীয়ে যিমানেই কঠোৰ হৈছে ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম্য সিমানেই বৃদ্ধি পাইছে ৷
চলিত সপ্তাহৰ যোৱা ৪ অক্টোবৰত আৰক্ষীয়ে লাহৰিজানত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ’ইন উদ্ধাৰ হোৱাৰ পিছত ৮ অক্টোবৰতো বোকাজান মহকুমাৰ খটখটীতো বুজন পৰিমানৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
যোৱা নিশা পুণৰ খটখটী থানাৰ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুতফুৰ ৰহমান, উপপৰিদৰ্শকৰ নেতৃত্বত সংগীয় ষ্টাফ সহ লাহৰিজান পহৰাচকীৰ সন্মূখত নাকা তালাচীত এখন বাছৰ পৰা উদ্ধাৰ হয় নিষিদ্ধ হেৰইন ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত MN-06B-1341 নম্বৰৰ বাছত তালাচী চলাই বাছখনৰ পৰা ২৭ চাবোনৰ বাকচত এটা বেগেৰে কঢ়িয়াই অনা অৱস্থাত ৩৩৯’১৬ গ্ৰাম নিষিদ্ধ হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱা ড্ৰাগছখিনি সৰবৰাহৰ লগত জড়িত মণিপুৰ আজিছ উদ্দিনৰ পুত্ৰ আজাদ খান (২৩)ক আটক কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা ড্ৰাগছখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জনদাস, ডিলাই থানাৰ অ’চি বিতুপন চুতীয়া আৰু উপপৰিদৰ্শক হিৰকজ্যোতি দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷













