![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃপশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্ত এলেকাত ধনদাবীৰ অভিযোগত তিনি প্ৰাক্তন কেপিএলটিৰ সদস্যৰ লগতে এজন গাঁওবুঢ়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মাকৈলুম উপ-আৰক্ষী চকী এলেকাত বিগত কিছুদিন ধৰি ধনদাবীৰ ঘটনা সংঘটিত হৈ আহিছিল । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত চামটান নামৰ গাঁওখনত অভিযান চলাই তিনি প্ৰাক্তন কেপিএলটি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত যুৱককেইজনে চামটান গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত আশ্ৰয় লৈ আছিল বুলি জানিব পৰা গৈছে । ধনদাবী কাৰ্যত গাঁওবুঢ়াজনো জড়িত থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গাঁওবুঢ়াজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।আটকাধীন কেইজন ক্ৰমে দিন টেৰণ ওৰফে জাকৱে, মুক্তা চেনাৰ, বাবু টেৰণ আৰু বীৰেন ইংতি বুলি চিনাক্ত কৰা হৈছে ।













