ASSAM TIMES POST
ডিফুঃ মানৱ সমাজত লজ্জানত কৰি কাৰ্বি আঙলংৰ সদৰ চহৰ ডিফুত সংঘটিত হৈছে নাবালিকা কণ্যা শিশুৰ শিহৰণকাৰী গণধৰ্ষণ কাণ্ড৷ কিছু পলমকৈ হলেও পোহৰলৈ অহা গণধৰ্ষণ কাৰ্যক লৈ ডিফুৰ চৌপাশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক(মুখ্য) নাহিদ কৰিশ্মাক আজি সংবাদ মাধ্যমে গ্ৰহণ কৰা সাক্ষাৎকাৰত কয় যে, যোৱা ১৭ ছেপ্তেম্বৰত ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী ১০ বছৰীয়া নাবালিকা শিশু কণ্যা ধৰ্ষণৰ বলি হৈছে খবৰ লাভ কৰি ডিফু থানাৰ অ’চিৰ নেতৃত্বত এটি আৰক্ষীৰ দল চিকিৎসালয়খনত উপস্থিত হৈ ধৰ্ষিতা শিশু গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷
ধৰ্ষিতাৰ জবানবন্দী অনুসৰি ধৰ্ষিতা ডিফু বেচিক স্কুল কলনি এগৰাকী আত্মীয়ৰ ঘৰত বসবাস কৰে আৰু তাতে দিনৰ ১২ বজাৰ পৰা ৪ বজাৰ ভিতৰত নাবালিকা শিশু গৰাকীক গণধৰ্ষণ সংঘটিত কৰিছে বুলি জানিব দিয়ে৷ সেইমতে বিশেষ সুত্ৰে খবৰ লাভ কৰি ডিমাপুৰৰ ৬ মাইলৰ পৰা এজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ধৃত ধৰ্ষণকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আন দুজন ধৰ্ষণকাৰীক কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা আটক কৰা হয়।
প্ৰথমে ধৰ্ষণকাৰী সকলে ঘটনা সন্দৰ্ভত স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ পৃথক পৃথক আৰু সমজোৱা জেৰাত ধৰ্ষণকাৰী সকলে ধৰ্ষণৰ ঘটনা স্বীকাৰ কৰিছে বুলি উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে৷ এই সন্দৰ্ভত ডিফু থানাত ২৫৬/ ২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ (ডিবি) আৰু আৰ ডব্লিউ ধাৰা পচক’ ৬ অনুসৰি গোচৰ ৰুজো দি তিনি ধৰ্ষণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷
গ্ৰেপ্তাৰ তিনি পাষণ্ড ধৰ্ষণকাৰীৰ নাম ক্ৰমে, টেনিচন ইংতি (২৯), ছেছং ইংতি (১৯) আৰু বিৰচিং বে’ (১৯) বুলি চিনাক্ত কৰা হৈছে৷ ধৰ্ষিতা শিশু গৰাকী বৰ্তমানেও সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে৷