![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি শুকুৰবাৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে আৰক্ষী দিৱস উদযাপন কৰা হয় ৷ কাৰবি আংলং জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া ক্ৰমে, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা প্ৰমুখ্য কৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত মধ্য মণ্ডলৰ আৰক্ষী সঞ্চালক সত্যৰাজ হাজৰিকাই আৰক্ষী দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষী জোৱান আৰু বিষয়াসকলক শপত বাক্য পাঠ কৰোৱায় ৷
এই উপলক্ষে ডিফুস্থিত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত আয়োজিত আৰক্ষী দিৱসৰ কাৰ্যসূচীত শীৰ্ষ আৰক্ষী বিষয়াসকলে এ বি এছ আই মনিৰাম গগৈৰ নেতৃত্বাধীন আৰক্ষী জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে ৷
উক্ত কাৰ্যসূচীত ২০২০ বৰ্ষত ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ বাবে এছ আই ইউ বি ৰাজু বাহাদুৰ ছেত্ৰী, এএছআইইউবি অৰুণ কুমাৰ নাথ লগতে ডিজিপি কমেনডেছন মেৰিটৰিয়াছ সেৱাৰ বাবে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ, জিলা উপ-আৰক্ষী অধীক্ষক (মুখ্য), এছ আই ইউবি জিতুমনি ডেকা, ইউবিচি ৰমেশ ছেত্ৰী, এবিচি গ্ৰে’চন মাৰাকক ডি আইজি সত্যৰাজ হাজৰিকাই মেডেল আৰু মানপত্ৰ প্ৰদান কৰে ৷
মুখ্য অতিথি হিচাপে উপস্থিত থকা মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাই প্ৰদান কৰা চমু ভাষণত বিগত সময় ছোৱাত উগ্ৰপন্থী সমস্যা, হত্যা, হিংসাৰ, ড্ৰাগছ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ পৰা জিলাখনক উদ্ধাৰ কৰি শান্তিৰ পৰিৱেশ সূচনা কৰাৰ বাবে উচ্চ প্ৰশংসা কৰে ৷ কাৰবি আংলং আৰক্ষীৰ পাৰদৰ্শিতা, সবল নেতৃত্ব আৰু বিচক্ষণতাৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰিতী গঢ়লৈ উঠাৰ সমান্তৰালকৈ জিলাখন অসমৰ ভিতৰতে জিলিকি উঠিছে বুলি মন্তব্য কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷












