![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:অসম-নাগালেণ্ড সীমান্তত আজি কাৰবি আংলং আৰক্ষী আৰু অসম ৰাইফলছে এক যুটীয়া অভিযান চলাই বহৎ সংখ্যক মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ অসম ৰাইফলছৰ জৰিয়তে মৰণাস্ত্ৰ সহ কেইগৰাকীমান লোক সীমান্তত অসমৰ দিশে অহা বুলি জানিব পাৰি বিভিন্ন স্থানত আৰক্ষীয়ে নাকা তালাচী বহুৱায় ৷
কাৰবি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰক্ষীৰ দলে বোকাজান থানাৰ অধীনৰ নাহৰজানৰ ছোটলেংৰী টহলদাৰী চকীত আজি পুৱা নাযা তালাচীৰ জৰিয়তে এখন নম্বৰ প্লেটবিহীন জীপচি ৰখাই তালাচী চলোৱাত তিনিটা একে ৫৬ ৰাইফল, এটা পিষ্টল মেগজিন, বহু সজীৱ গুলী ,মবাইল ফোন আদি জব্দ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৰ নাংপৈ ভাচিম আচহাঙ চিথুং, টাৰটাৰ লাংচুংৰেই কামেই,খুইকাচহাঙ থাংকুল আৰু জিংখি ৱংজিৰিংগাম ব্যক্তি আটক কৰে ৷আৰক্ষীয়ে আটকাধীন ব্যক্তি কেইনক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷













