![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ উপলক্ষে সমগ্ৰ দেশজুৰি অব্যাহত থকা স্বাধীনতাৰ অমৃত উৎসৱৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে কাৰবি আংলং জিলা ন্যায়সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিফু চহৰত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ফিটনেছ, আইনী সাহায্য আৰু আইনী সেৱা সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে উলিওৱা এই পদযাত্ৰা কাৰ্যসূচীৰ ডিফু ন্যায়িক আদালত চৌহদত ফ্লেগ অফ কৰে জিলা আৰু সত্ৰ ন্যায়াধীশ মঃ আব্দুল হেকিমে ৷
ডিফু নগৰৰ মাজেৰে ৫ কিঃমিঃৰ এই পদযাত্ৰা কাৰ্যসূচীত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদ, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, চিভিল জজ এম এইছ আনচাৰী, ডিফু বাৰ এছচিয়নৰ অধিবক্তাসকলকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷ পদযাত্ৰা লগে লগে আইনী সাহায্য আৰু আইনী সেৱা সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি সাধাৰণ ৰাইজৰ মাজত এই সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ এনে কাৰ্যসূচীক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷












