![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভা কৰিছে ইটোৰ পিছত সিটো সফলতা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন, ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ অপচেষ্টা চলাই আহিছে যদিও তেনে প্ৰচেষ্টা কাৰবি আংলং আৰক্ষীয়ে দক্ষতাৰে ব্যৰ্থ কৰি আহিছে ৷
সোমবাৰে বোকাজান মহকুমাৰ লাহৰিজানত দুই মনিপুৰি যুৱকে গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই অনা প্ৰায় চাৰে তিনি কোটি টকাৰ ড্ৰাগছ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত আজি বোকাজানৰ মহকুমা আৰক্ষী বিষয়াৰ জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী আৰু খটখটি আৰক্ষীৰ অভিযানত জব্দ হয় ১ কেজি ৫ গ্ৰাম হেৰ’ইন।
খটখটি গণকপুখুৰীৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। ৮০ টা চাবোনৰ বাকচত উদ্ধাৰ ড্ৰাগছখিনি। ড্ৰাগছ খিনি সৰবৰাহৰ লগত জড়িত Besii Mao আৰু Kaiha Mao ক নামৰ এহাল নগা দম্পত্তিক আটক কৰে আৰক্ষীয়ে। দম্পত্তিহালৰ লগত এটা সন্তানো আছিল। দুয়োৰে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।












