![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৰাজ্যক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যলৈ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা অসম আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা ৷ আজি পুৱাৰ ভাগত কাৰ্বি আংলঙৰ বোকাজানত ৩.৫ কোটি টকাৰ ড্ৰাগছ জব্দ। কৰা হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ কাৰবি আংলং আৰক্ষীয়ে লাহৰিজানত নাকা তালাচীত জব্দ কৰে 412 গ্ৰাম হেৰ’ইন। ৩০ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাতে এখন বলেৰ’ৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।
জব্দকৃত বলেৰ’ খনৰ নম্বৰ হৈছে MN 01AK 4789 সৰবৰাহকাৰীয়ে অতি কৌশলেৰে গাড়ীৰ লাইটৰ ভিতৰত ভৰাই আনিছিল ড্ৰাগছখিনি। এই সন্দৰ্ভত আৰক্ষীয়ে আমজাদ আলি আৰু চায়ড আনিচ খানক আটক কৰে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিব দিয়ে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় চাৰে তিনিকোটি টকা হব বুলি জানিব পৰা গৈছে ৷












