![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম চৰকাৰৰ ‘ ইণ্ডিজেনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ”ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধি সকলৰ সৈতে মত-বিনিময় কৰিবলৈ দেউবাৰে পাহাৰীয়া জিলা কাৰবি আংলঙৰ ডিফু আৰু বোকাজানত উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে, বিশ্বজিত দৈমাৰী আৰু ডাঃ নোমল ম’মিন ৷
প্ৰথমে বোকাজানৰ চিচিআই ফিল্ডত মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী নেতাই ডিফুস্থিত আৰব’ৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সন্মেলন কক্ষত অনুষ্ঠিত কৰা এক ৰুদ্ধদ্বাৰ মত-বিনিময় অনুষ্ঠানত অংশ গ্ৰহন কৰে ৷ ‘মত-বিনিময়’ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
তেওঁ মন্তব্য কৰে যে, অসম চৰকাৰৰ ট্ৰাইবেল ফেইথ এণ্ড কালাচাৰৰ অধীনত পাহাৰীয়া জিলা কাৰবি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰে মত-বিনিময় উদ্দেশ্যে আহিছে ৷ খিলঞ্জীয়া মানুহ সকলৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰচাৰৰ বাবে কি ধৰণৰ আঁচনি বা ব্যৱস্থা ললে খিলঞ্জীয়া সকলৰ সুবিধা হব সেইলৈ মত বিনিময় কৰা হৈছে ৷
এই মতামতবোৰৰ এক প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হব বুলি কয় ৷ বিটিআৰৰ সম্প্ৰতি পৰিস্থিতিলৈ মন্তব্য কৰিবলৈ গৈ বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে, দীৰ্ঘদিনীয়া আলোচনা-বিলোচনাৰ অন্তত বিটিআৰ চুক্তি হ’ল ৷ উক্ত চুক্তিত হয়তো একাংশ সন্তুষ্ট হোৱাৰ বিপৰীতে আন একাংশ অসন্তুষ্ট হ’ল ৷
চুক্তিৰ জৰিয়তে যদি কাৰোবাক বিশ্বাসত লবলৈ থাকি গৈছে নিশ্চয়কৈ ব্যৱস্থা লোৱা হব আৰু বড়ো সমাজৰ নেতৃস্থানীয় ব্যক্তি সকলৈ এই সংক্ৰান্তত যথা বিহীত ব্যৱস্থা গ্ৰহণ কৰি অসন্তুষ্ট ব্যক্তি সকলক মূল সুঁতিলৈ ঙূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় অধ্যক্ষ গৰাকীয়ে ৷ অসম তথা বড়োলেণ্ডৰ পৰা বন্দুকৰ সংস্কৃতিটো যাতে নাইকিয়া হওক তাৰ বাবে নিশ্চয়কৈ বড়ো অগ্ৰণী সমাজে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী বুলি কয় ৷












