![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এনডিএছ গোছৰত অভিযুক্ত পলাতক আছামী সন্তোষ সিঙক শুকুৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত সংগীয় ষ্টাফ সহ এক গোপন সুত্ৰৰ ভিত্তিত ডিফুৰ মাটিপুঙ তিনিআলিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক আছামীটোক ৷
উল্লেখযোগ্য যোৱা ১৩ জুনত ডিফুৰ মাটিপুঙৰ নিজৰ ভাট়াঘৰত নিচাযুক্ত কেপচুল ছিমপেক্স ৰথাৰ অপৰাধত ডিফু থানাত ১৪২/২০২১ নম্বৰত এনডিপিএছ আইনত এক গোছৰ ৰুজো দি আৰক্ষীয়ে মৃত দামোদৰ সিঙৰ ল’ৰা সন্তোষ সিঙক গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতল প্ৰেৰণ কৰা হৈছিল ৷
পৰৱৰ্তী সময়ত যোৱা ২৪ জুনত সন্তোষ সিঙ ডিফু ক’ভিড হাস্পাতালৰ পৰা পলায়ন কৰিছিল ৷ তেতিয়াৰ পৰাই আৰক্ষীৰ মুুৰৰ কামোৰণি হৈ পৰিছিল যদিও সন্তোষ সিঙ পুণৰ গ্ৰেপ্তাৰ হোৱাকলৈ স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীয়ে ৷ উক্ত আছামীটোৱে পলায়ণ কৰাৰ বাবে পুণৰ ডিফু থানাত ৬৬৬/২০২১ নম্বৰত দোছৰ ৰুজো দি পুণৰ জেললৈ প্ৰেৰণ কৰা হয় ৷













