![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি সন্ধিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ ঘটি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ডিফু হাস্পাতাল পথৰ এখন ফাষ্ট ফুড দোকানত হয় সংঘটিত হয় অগ্নিকাণ্ডটো ৷
প্ৰত্যক্ষদৰ্শীয়ো জনোৱামতে চিলিণ্ডাৰ বিস্ফোৰণত ফলত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো ৷ উক্ত অগ্নিকাণ্ডত ফাষ্ট ফুড দোকানখনকে ধৰি এখন গেলামাল দোকানো জলি ভস্মীভূত হয় ৷
আনহাতে দোকানখনৰ অৱস্থাত সন্মুখত ৰখাই থোৱা দুখনকৈ স্কুটী জলি ভষ্ম হৈ যায় লগতে গেলামাল দোকানখনৰ স্বত্ত্বাধিকাৰী অমৰ বে আঘাত প্ৰাপ্ত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷













