![]()
নিউজ ডেস্কঃ
সংসাৰ ভাঙিল শিখৰ ধৱনৰ। ছচিয়েল মিডিয়াত বিবাহ বিচ্ছেদৰ কথা জনালে ধৱনৰ পত্নী আয়েশা মুখার্জীয়ে। বহু দিন ধৰি দুয়োৰে মাজত মনোমালিন্যৰ কথা শুনা গৈছিল। আজি উক্ত জল্পনাৰ অৱসান ঘটাই তেওঁলোকৰ বিচ্ছেদ সম্পর্কে ছচিয়েল মিডিয়াত এটি পোষ্ট কৰে পত্নী আয়েশাই। আঠ বছৰ পিছত সংসাৰ ভাঙিল তেওঁলোকৰ। তেওঁলোকৰ এটি সাত বছৰীয়া পুত্র সন্তানো আছে।

উল্লেখ্য, আসন্ন আইপিএলৰ দ্বিতীয় পৰ্যায়ৰ বাবে আৰবত আছে শিখৰ ধৱন। অৱশ্যে এই পর্যন্ত তেওঁৰ কোনো প্রতিক্রিয়া লাভ কৰা হোৱা নাই। ২০১২ চনৰ অক্টোবৰত প্রবাসী বঙালী আয়েশাক বিয়া কৰাইছিল ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সদস্য ‘গব্বৰে’। দুয়োৰে মাজত বয়সৰ পার্থক্য আছিল প্রায় দহ বছৰৰ। আয়েশা আছিল বিবাহ বিচ্ছেদিতা৷ প্রথম পক্ষৰ পৰা তেওঁৰ দুগৰাকী কন্যা সন্তানো আছিল। ফেচবুকত হৰভজন সিঙৰ জৰিয়তে প্রথমে বন্ধুত্ব, পিছত প্ৰেমত পৰিছিল। সেই ভালপোৱাক বিয়াৰ জৰিয়তে সামাজিক স্বীকৃতিও লৈছিল দুয়োৱে৷ ২০১৪ চনত দুয়োৰে এটি পুত্র সন্তানো হয়। নাম ৰাখে জোৰাৱৰ। কিন্তু আঠ বছৰ পিছত তেওঁলোকৰ সুখৰ সংসাৰত ইতি পৰে। শেষ পর্যন্ত দুয়োৱেই পৃথক হোৱাৰ পথ বাছি লয়।













