নিউজ ডেস্কঃ
টকিঅ পেৰা অলিম্পিকত চতুর্থটো স্বৰ্ণ পদক লাভ ভাৰতৰ। পুৰুষৰ বেডমিন্টনত স্বৰ্ণ পদক অৰ্জন কৰে প্রমোদ ভগতে। বাঁও ভৰিত অসুবিধা সত্ত্বেও স্বৰ্ণ জয় কৰে বিশ্বৰ এক নম্বৰ বেডমিন্টন তাৰকাগৰাকীয়ে। গ্রেট ব্রিটেইনৰ প্রতিপক্ষ ডেনিয়াল বেথেলক ২১-১৪, ২১-১৭ গেমত পৰাস্ত কৰে তেওঁ।
পাঁচ বছৰ বয়সৰ পৰাই বাঁও ভৰিত অসুবিধা আৰম্ভ হয় প্রমোদৰ। ১৩ বছৰ বয়সত বেডমিন্টন মেচ চাবলৈ গৈ সেই খেলৰ প্ৰতি আকৃষ্ট হয় তেওঁ। ১৫ বছৰ বয়সত সাধাৰণ খেলুৱৈসকলৰ এক প্রতিযোগিতাত অৱতীৰ্ণ হয় প্রমোদ। দর্শকসকলৰ সমৰ্থনে উদ্বুদ্ধ কৰে তেওঁক। পিছত বেডমিন্টন খেলকেই জীবনৰ পেছা হিচাপে লয় তেওঁ।
উল্লেখযোগ্য যে প্রথমবাৰৰ বাবে বেডমিন্টনক পেৰা অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু প্ৰথমবাৰতেই সোণৰ পদক আজুৰি আনে ৩৩ বছৰীয়া প্রমোদে। এচিয়ান গেমছ (পেৰা), বিশ্ব চেম্পিয়নশ্বিপৰ (পেৰা) পিছত এইবাৰ পেৰা অলিম্পিকতো স্বৰ্ণ জয়।
ভাৰতৰ পদক সংখ্যা এই মুহূর্তত ১৭। শনিবাৰে চাৰিটা পদক আহিছে।