![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ আৰক্ষীৰ তালাচীত উদ্ধাৰ হৈছে প্ৰায় 4 কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম-নাগালেণ্ড সীমান্তঞ্চলৰ পুৰণি লাহৰিজানত লাহৰিজানত পহৰা চকীৰ সন্মূখত পুৱা, 8-30 বজাত ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত সংগীয় ষ্টাফ সহ চলোৱা নাকা তালাচী অভিযযানত বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা MN 01S 1680 বলেৰ’ গাড়ীখনত সন্দেহবশতঃ তালাচী চলাই বাহনখনৰ বেকলাইটৰ চেম্বাৰৰ পৰা 50 টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত 646 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
সন্দেহযুক্ত ড্ৰাগছখিনি সৰবৰাহ কৰি নিয়াৰ বাবে আৰক্ষীয়ে মণিপুৰৰ চণ্ডেল জিলাৰ চকপিৰং থানা এলেকাৰ টংলুন হাওপিপৰ পুত্ৰ নাংআমচেই হাওকিপ(30), মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ থানা চুৰাচান্দপুৰ এলেকাৰ থাংগামৰ পুত্ৰ লেটখ’লাল(47) আটক কৰে ৷
সন্দেহযুক্ত হেৰ’ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জনদাস, আৰু ডিলাই থানাৰ অ’চি বিতুপন চুতীয়াৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ ৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বোকাজান মহকুমা আৰক্ষী বিষয়াই জন দাসে জানিবলৈ দিয়া অনুসৰি জব্দ কৰা সন্দেহযুক্ত হেৰ’ইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হব ৷












