![]()
ছাইদুল ইছলাম:
ডিফুঃ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা অব্যাহত থকা অসম-নাগালেণ্ড সীমান্তৰ খটখটীত আজি বিয়লি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি এক গোপন সূত্ৰে লাভ কৰা তথ্য অনুসৰি আজি বিয়লি প্ৰায় তিনি বজাত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত তথা কাৰাগাঁও টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ নাথৰ সহযোগত আৰক্ষীৰ এটা দলে ভাৰতী ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে ।
উক্ত অভিযানত এএছ-০১-এনচি-১৮৪৯ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৪৭.২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।এই সন্দৰ্ভত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰীটো বোকাজান থানাৰ অন্তৰ্গত শুকানজানৰ ওছমান আলি (৩১) বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় দহ লাখ টকা বুলি অনুমান কৰা হৈছে ।













