![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ বকলীয়াঘাটত নিজ কিশোৰ পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল এক পিতৃৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি বকলীয়াঘাটৰ পৰা প্ৰায় ১৫ কিল’মিটাৰ নিলগৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ ক্লুৰডুঙৰ ২ নং ইকৰাজানত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডটো ৷
ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা প্ৰায় ৯-৩০ বজাত গাওঁখনৰ নিৱাসী কামদেৱ বসুমতাৰী (৪৫)নামৰ লোকজনে কোনো ঘৰুৱা সাধাৰণ বিষয়ক কেন্দ্ৰ কৰি নিজ ১৪ বছৰীয়া পুত্ৰৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ এই সামান্য কাজিয়াই বিষম ৰূপ লোৱাৰ ফলশ্ৰুতিত কিশোক পুত্ৰই এখন দাৰে পিতৃৰ ডিঙিত ঘাপ দিয়াৰ ফলত লোকজন থিতাতে নিহত হয় ৷
পুৱাৰ ভাগত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় যদিও বিয়লিৰ ভাগত এই বিষয়ে জানিব পাৰি লগে লগে আৰক্ষীয়ে ঘটনীস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে পিতৃহন্তা কিশোৰটিক আটক কৰিবলৈ সক্ষম হয় ৷ কিশোৰটিক কাইলৈ ডিফুৰ শিশু অপৰাধ আদালতত হাজিৰ কৰোৱাৰ লগতে কাইলৈ মৃতদেহটিৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷













