![]()
ছাইদুল ইছলাম:
ডিফুঃ অসমৰ বনাঞ্চলসমূহত বেদখলকাৰীৰ দপদপনিৰ ফলত ৰাজ্যখনৰ বনাঞ্চলৰ দ্ৰুত সংকোচন অব্যাহত থকাৰ সময়তে আজি পুৱাৰ ভাগত বেদখলকাৰীৰ আক্ৰমণত এগৰাকী বনকৰ্মী আহত হোৱাৰ বাতৰি পোৱা গৈছে ।
ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱা ৮.৪০ বজাত দলদলি সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশকাৰীৰ এটা বৃহৎ দলে সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰি বনাঞ্চলৰ গছ-গছনি কাটিবলৈ আৰম্ভ কৰে । দলটোক বনকৰ্মীৰ দলটোৱে বাধা প্ৰদান কৰাত অনুপ্ৰৱেশকাৰীৰ দলটোৱে কৰ্তব্যৰত বনকৰ্মীৰ দলটোক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে ভয়াৱহ পৰিণতি হোৱাৰ ভাবুকি প্ৰদান কৰে।অনুপ্ৰৱেশকাৰী দলটোৰ এনে আক্ৰমণ আৰু ভাবুকিৰ পৰিপ্ৰেক্ষিতত অৱশেষত বনকৰ্মীৰ তৰফৰ পৰা মাঞ্জা থানাত এজাহাৰ দাখিল কৰা হয় ।
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এজাহাৰত উল্লেখ থকা ৰাহুল টেৰণ ওৰফে আংৰিং ওৰফে চম্পক নামৰ যুৱক এজনৰ লগতে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । মাঞ্জা থানাত এই সন্দৰ্ভত অচিনাক্ত ১৫০/২০০ লোকৰ বিৰুদ্ধে ৪৩/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।













