![]()
নিউজ ডেস্কঃ
টি-২০ ক্রিকেটত আজিলৈকে নোহোৱা ৰেকৰ্ড কৰিলে নেদাৰলেণ্ডৰ মহিলা ক্রিকেটাৰে। পুৰুষ আৰু মহিলা উভয়তে প্রথম ক্রিকেটাৰ হিচাবে সাত উইকেট দখল কৰিলে এইগৰাকী ক্ৰিকেটাৰে।
বৃহস্পতিবাৰে মহিলাৰ টি-২০ বিশ্বকাপত ইউৰোপৰ যোগ্যতা অর্জন পৰ্যায়ৰ খেল আছিল। ফ্রান্সৰ বিৰুদ্ধে নেদাৰলেণ্ডৰ মেচত ফ্রেডেৰিক ওভাৰডিকে এই কৃতিত্ব অর্জন কৰে। চাৰি ওভাৰত মাত্র তিনি ৰান দি তেওঁ দখল কৰে সাত উইকেট। ইয়াৰ ভিতৰত আকৌ ছয়জনীক ব’ল্ড কৰে তেওঁ। এগৰাকী হয় এলবিডব্লিউ। ফ্রান্সৰ ইনিংছ শেষ হয় মাত্ৰ ৩৩ ৰানত। প্ৰত্যুত্তৰত ৩.৪ ওভাৰত মাত্র এক উইকেটৰ বিনিময়ত জয়ৰ বাবে প্রয়োজনীয় ৰান সংগ্ৰহ কৰে নেদাৰলেণ্ডে।
উল্লেখ্য, পুৰুষৰ টি-২০ ক্রিকেটত সর্বাধিক ছয় উইকেট দখলৰ কৃতিত্ব আছে চাৰিগৰাকী ক্রিকেটাৰৰ। ইয়াৰ ভিতৰত ভাৰতৰ দীপক চাহাৰে ২০১৯ত বাংলাদেশৰ বিৰুদ্ধে সাত ৰানত ছয় উইকেট লোৱাটোৱেই পুৰুষৰ টি-২০ ক্রিকেটত এই পর্যন্ত শ্ৰেষ্ঠ বলিং। ইয়াৰ উপৰি ভাৰতৰে যুজবেন্দ্র চাহালে ছয় উইকেট আৰু দুবাৰকৈ টি-২০ত ছয় উইকেট লাভ কৰিছে শ্রীলঙ্কাৰ অজন্তা মেণ্ডিছে।













