![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি পুৱাৰ ভাগতে কাৰবি আংলং আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে জানিবলৈ দিয়া অনুসৰি আজি পুৱাৰ ভাগত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাৰবি আংলং আৰক্ষী আৰু ডিমাপুৰৰ অসম ৰাইফলচৰ জোৱানে চলোৱা এক যৌথ অভিযানত বোকাজান থানাৰ অন্তৰ্গত ঘঁৰিয়ালডুবিৰ পৰা এক বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ জব্দ কৰাৰ লগতে চাৰিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
জব্দকৃত অস্ত্ৰ-শস্ত্ৰ সমূহ ক্ৰমে, এটা 0’22 ৰাইফল আৰু মেগজিন, মেগজিনৰ সৈতে এটা 9 এমএম পিষ্টল, মেগজিনৰ সৈতে দুটা ’22 পিষ্টল, এটা চাইনিজ গ্ৰেণেড, এটা দেশীয়ভাবে নিৰ্মিত গ্ৰেণেডআৰু 0’22ৰ 5 জাঁই সজীৱ গুলী ৷
এই যন্দৰ্ভত আটকাধীন চাৰিজন লোক ক্ৰমে, ডিফু থানা অন্তৰ্গত দলদলী নিৱাসী ফেকু ঘাটোৱাৰৰ পুত্ৰ ৰাজু ঘাটোৱাৰ , ডিফু থানা অন্তৰ্গত ধনশিৰিৰ মাধৱ উৰাঙৰ পুত্ৰ কৃষ্ণ উৰাং, ডিলাই থানা অন্তৰ্গত হাটকুজানৰ ইছাক কাংগাৰীৰ পুত্ৰ লুকেশ কাংগাৰী আৰু খটখটী থানাৰ অন্তৰ্গত লামা বস্তিৰ প্ৰেমচন্দ্ৰ হাৰ’ৰ পুত্ৰ ৰবাৰ্ট বুলি চিনাক্ত কৰা হৈছে ৷ আটকাধীন লোককেইজন কোনো উগ্ৰপন্থী দলৰ সদস্য হয়নে নহয় সেইলৈ আৰক্ষী তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷













