![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিমা হাছাওত ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ বৰ্বৰ আক্ৰমণ। গুলীচালনা কৰি জ্বলাই দিলে ৫খনকৈ ট্ৰাক।
বৃহস্পতিবাৰে নিশা উগ্ৰপন্থীয়ে ট্ৰাক চালকলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকত অগ্নি সংযোগ কৰাৰ ফলত ৫ জন ট্ৰাক চালক নিহত হৈছে।
বৃহস্পতিবাৰে নিশা ৮ঃ৩০ বজাত ডি এন এল এ উগ্ৰপন্থী সংগঠনে দৈয়াংমুখ আৰক্ষী থানাৰ পৰা ৫ কিলোমিটাৰ নিলগৰ ৰেঞ্জাৰবিলত সংঘটিত কৰিছে এই ঘটনা।
ডিমা হাছাওৰ ওমৰাংচুৰ পৰা আহি থকা ট্ৰাক কেইখনৰ ভিতৰত আছিল এখন কয়লা সৰবৰাহ কৰা ট্ৰাক আৰু আনকেইখন লংকাৰ ডালমিয়া কোম্পানীৰ কয়লা, ক্লিংকাৰ কঢ়িওৱা ট্ৰাক।
উগ্ৰপন্থি সংগঠনটোৱে নিশা এই ট্ৰাক কেইখনক আক্ৰমণ কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকৰ ভিতৰতে চালক কেইজনক আৱদ্ধ কৰি জ্বলাই দিয়ে। ফলত ট্ৰাকতে অগ্নিদগ্ধ হয় চালক কেইজন।













