![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : দেশব্যাপী চলি থকা ক’ভিড সংহাৰৰ মাজতে এইবাৰ কাৰবি আংলং জিলাৰ ডিফুৰ ‘পেশ্যনেট মাল্টি ফাৰ্ম’ত ধৰা পৰিছে আফ্ৰিকান চোৱাইন ফিভাৰ ৷ ফলস্বৰূপে নিধন কৰা হ’ল ‘পেশ্যনেট মাল্টি ফাৰ্ম’ৰ সৰু-ডাঙৰ মুঠ ৪০০টাকৈ গাহৰি ৷
গুৱাহাটীৰ পৰা অহা পশু পালন বিভাগৰ এটা দল গাহৰি কেইটা নিধন কৰাৰ কথা পোহৰলৈ আহে ৷
কিছুদিন পূৰ্বে অজ্ঞাত কাৰণত ফাৰ্মখনত দুটাকৈ প্ৰাপ্তবয়স্ক গাহৰি মৰীৰ পিছতে এই সন্দৰ্ভত জিলা পশুপালন বিভাগক এই কথা জনাইছিল ফাৰ্মখনৰ স্বত্ত্বাধিকাৰী গৰাকীয়ে ৷
এইলৈ বিভাগে নমূনা সংগ্ৰহ কৰি কৰাৰ পিছত পৰীক্ষাত ধৰা পৰে আফ্ৰিকান চোৱাইন ফিভাৰৰ অৱস্থিতিৰ কথা ৷ তাৰ পাছতেই জনহিতাৰ্থে ফাৰ্মখনৰ স্বত্ত্বাধিকাৰীৰ বৃহৎ ত্যাগ স্বীকাৰ ৷
ফাৰ্মখনত থকা ৪০০গাহৰিকে নিধনৰ অনুমতি দিয়ে স্বত্ত্বাধিকাৰী ৰ’জমেৰী ৰংফাৰপীয়ে ৷এই ৰোগ ফাৰ্মৰ পৰা যাতে বিয়পিব নোৱাৰে তাৰ বাবেই এই ত্যাগ ৰ’জমেৰী ৰংফাৰপীৰ ৷












