ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যত ৭ম অৰ্থনৈতিক পিয়লৰ ক্ষেত্ৰভিত্তিক কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক কাম-কাজ, মালিকীস্বত্বৰ ধৰণ, অৰ্থনৈতিক কাম-কাজত জড়িত লোকৰ সংখ্যা আদি নিৰ্ণয় কৰা হ’ব।
পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰণালয়ে এয়া সফলকাম কৰি তুলিবলৈ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা চিএছচি ই-গৰ্ভানেন্স চাৰ্ভিছ ইণ্ডিয়া লিমিটেডক দায়িত্ব প্ৰদান কৰিছে।
এই সন্দৰ্ভত আঞ্চলিক ভাষাৰ এটা ট’ল ফ্ৰী হেল্পলাইন নম্বৰো ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে। নম্বৰটো হ’ল 1800-3000-3468। ৰাইজৰ এই সম্পৰ্কত কিবা জানিবলগীয়া থাকিলৈ উক্ত নম্বৰটোলৈ ফোন কৰি জানিব পাৰিব।
ইতিপূৰ্বে ২০১৩ চনৰ জানুৱাৰীৰপৰা ২০১৪ চনৰ এপ্ৰিললৈকে ৬ষ্ঠ অৰ্থনৈতিক সমীক্ষা ৰূপায়ণ কৰা হৈছিল।