![]()
নিউজ ডেস্কঃ
আফগানিস্তানৰ প্রাক্তন মন্ত্রীয়ে জার্মানীৰ ৰাজপথত পিৎজা বিক্ৰী কৰাৰ ছবি পোহৰলৈ আনিছে সংবাদ মাধ্যম ‘আল জাজিৰা আৰবে’। চৈয়দ আহমেদ শ্বাহ চাদাতে ২০১৮ত গনি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিল। কিন্তু পৰৱর্তী সময়ত মতানৈক্যৰ কাৰণে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ৰাওনা হয় জার্মানীলৈ। ধনৰ অভাৱত জাৰ্মানীত তেওঁ পিৎজা ডেলিভাৰিৰ কাম কৰিবলগা হয়।
২০১৮ চনত আশ্ৰফ গনি মন্ত্ৰীসভাত যোগাযোগ আৰু প্রযুক্তি মন্ত্রী আছিল চাদাত। দুই বছৰ পিছত গনিৰ সৈতে হোৱা মতানৈক্যৰ ফলত তেওঁ পদত্যাগ কৰে। যোৱা বছৰ ডিচেম্বৰৰ পৰা চাদাত জার্মানীৰ লিপজিগত আছে। পেট প্ৰৱৰ্তাবলৈ তাতেই পিৎজা ডেলিভাৰিৰ কাম লয় তেওঁ।










