![]()
নিউজ ডেস্কঃ
আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ সন্দৰ্ভত এইবাৰ আমেৰিকাক সাৱধানবাণী শুনালে তালিবানে। চুক্তি মতে ৩১ আগষ্টৰ ভিতৰত আমেৰিকাৰ অৱশিষ্ট সেনাক ঘূৰাই নিব লাগিব বুলি সোমবাৰে দাবী কৰে তালিবানে। তালিবানৰ তৰফর পৰা এক বিবৃতিত কোৱা হৈছে, ‘চুক্তি অনুযায়ী ৩১ আগষ্টৰ ভিতৰত সেনা প্রত্যাহাৰ সম্পূর্ণ নহ’লে তাৰ পৰিণতিৰ বাবে আমেৰিকা প্রস্তুত থাকিব লাগিব।’’
সম্প্রতি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জনাইছে যে দেশখনৰ নাগৰিকসকলক উভতাই অনাৰ প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত আফগানিস্তানৰ মাটি নেৰে আমেৰিকান সেনাই। তেনে ক্ষেত্রত ৩১ আগষ্টৰ পিছতো কাবুলত কিছু সংখ্যক আমেৰিকান সেনা থাকিব পাৰে বুলি ইঙ্গিত দিছিল তেওঁ। বাইডেনে কৈছিল, ‘‘আমেৰিকাৰ এজন নাগৰিকো যদি আফগানিস্তানত আবদ্ধ হৈ থাকে, তেন্তে তেওঁক উদ্ধাৰ নকৰা পর্যন্ত আমি সক্ৰিয় হৈ থাকিম।’’
এনে পৰিস্থিতিত সোমবাৰে আমেৰিকান সেনা প্রত্যাহাৰৰ বাবে তালিবানে ‘চৰম সময়সীমা’ বান্ধি দিয়াৰ ঘোষণা তাৎপর্যপূর্ণ বুলি বিবেচনা কৰা হৈছে।










