![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলংত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আজি জিলাখনৰ বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চিলনীজানত আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিলনীজানত অভিযান চলাই প্ৰকাশ শৰ্মা (৩২) নামৰ যুৱকজনৰ জিম্মাৰ পৰা ১১ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে নগদ ২৫০০ টকাও জব্দ কৰে।













