![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলং জিলাৰ সদৰচ চহৰ ডিফুৰ নান্দনিক প্ৰাকৃতিক পৰিবেশৰ মাজত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৰাজ্যৰ প্ৰথমখন উপায়ুক্ত সন্মিলন অনুষ্ঠিত কৰা হৈছে ৷সন্মিলনৰ বাবে বিশেষভাবে প্ৰস্তুত কৰি উলিওৱা আজিৰ পুৱাৰা ৰাজ্যখনৰ শীৰ্ষ আমোলা সকলৰ উপস্থিতিৰে মুখৰহৈ পৰে ৷
দিনৰ প্ৰায় ১১ বজাত হেলিকাপ্তাৰেৰে ডিফুত উপস্থিত হৈ হেলিকাপ্তাৰেৰে অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ পুৱা ১১ বজাৰ পৰা ৪-৩০ বজালৈ অনুষ্ঠিত হোৱা মন্ত্ৰীমন্ডল আৰু উপায়ুক্ত সকলৰ সৈতে হোৱা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা চমু বাৰ্তালাপত ইয়াৰ পূৰ্বে কাজিৰঙাত ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে হোৱা বৈঠকৰ পিছত এইবাৰ ডিফুত কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত ৰাজ্যৰ উপায়ুক্ত সকলৰ মীজত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি কয় ৷
পৰৱৰ্তী সময়ত জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক সকলৰ অংশ গ্ৰহণেৰে আন এখন সন্মিলন অনুষ্ঠিত কৰা হব বুলি উল্লেখ কৰে ৷ প্ৰতি ছমাহত গুৱাহাটীৰ বাহিৰত এনে ধৰণৰ তিনিখনকৈ সন্মিলন অনুষ্ঠিত কৰা হব বুলি মন্তব্য কৰে ৷ কালি নিশা পৰ্যন্ত ডিফুত থাকি উন্নয়নমূলক কামৰ ওপৰত আলোচনা কৰা হব বুলি কয় ৷
জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ লক্ষৰে এনে সন্মিলন অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে ৷ দিল্লীৰ পৰা জলজীৱন মিচনৰ মিচন সঞ্চালক সন্মিলনত উপস্থিত থাকি প্ৰেজেনটেছন আগবঢ়ায় বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ সন্মিলনত অংশ গ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ডিফুৰ বাণিজ্য আৰু উদ্যোগ বিভাগ নৱ নিৰ্মিত গৃহ আৰু মাটিপুঙৰ সন্মিলনস্থলীৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সন্মেলন কক্ষৰ ফিটা কাটি শুভ উদ্ধোধন কৰে ৷
আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনত অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে, অজন্তা নেওগ, ৰঞ্জিত দাস,যোগেন মহন, বিমল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, পৰিমল শুক্ল বৈদ্য, অশোক সিংঘল, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম, ৰংহাঙ, সাংসদ হৰেণছিং বে, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেঙ, দৰচিং ৰংহাঙ ,ৰূপছিং টেৰণ আদি উপস্থিত থাকে ৷ ইয়াৰ উপৰি অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্ত ,বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকে ধৰি আয়ুক্ত সচিব সকলেও সন্মিলনত অংশ গ্ৰহণ কৰে ৷












