![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যোৱা পুৱতি নিশা বোকাজান মহকুমাৰ অন্তৰ্গত খটখটীত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত এখন ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘটনাৰ বিৱৰণ অনুসৰি, যোৱানিশা প্ৰায় দুই বজাত খটখটীৰ ৰিয়েল বাৰ এণ্ড ৰেষ্টুৰেণ্ট ফুড এণ্ড লজিং নামৰ বাৰ কাম ৰেষ্টুৰেণ্টখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
জুইৰ লেলিহান শিখাই নিমিষতে সমগ্ৰ ৰেষ্টুৰেণ্টখন আৱৰি ধৰাত ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে জুইত জাহ যায়। ঘটনা সংঘটিত হোৱাৰ লগে লগে খটখটী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে বোকাজানৰ পৰা যোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ ফলত বাৰখনৰ সকলো সুৰা সম্পূৰ্ণৰূপে নষ্ট হয় । অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ প্ৰায় বিশ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে ।













