![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৭৫ সমখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিফুৰ নিকটৱৰ্তী আপাৰ ডিলাজী লংকি তিমুঙ গাঁৱৰ ছিৰভ’ম খেল পথাৰত দেওবাৰে এদিনীয়া ফুটবল খেল অনুষ্ঠিত হৈ যায় ৷ ডিফু পৌৰ নিগমৰ তেৰ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ছিমন ফাংচ’ৱে আয়োজন কৰা এদিনীয়া ফুটবল খেলখনত স্থানীয় ৮ টা ফুটবল ক্লাৱে অংশ গ্ৰহণ কৰে ৷
দিনটো খেলৰ অন্তত হিদিচাজিৰ ফুটবল ক্লাৱ আৰু স্থানীয় ছিৰভ’ম’ ক্লাৱে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ৷ দেওবাৰে বিয়লি হাফজানৰ আপাৰ ডিলাজী লংকি তিমুং গাঁৱৰ ছিৰভ’ম’ খেল পথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলত স্থানীয় ছিৰভ’ম’ ইয়ুথ ক্লাৱে হিদিচাজিৰ ক্লাৱক ৪-২ গ’লৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত খিতাপ অৰ্জন কৰে ৷
চুড়ান্ত বিজয়ী দলক নগদ ৫ হাজাৰ টকাৰ নগদ ধন সহ ট্ৰফী প্ৰদান কৰাৰ বিপৰিতে বিজেতা দলক ৩ হাজাৰ টকা নগদ ধন সহ ট্ৰফী প্ৰদান কৰা হয় ৷ শ্ৰেষ্ট খেলুৱৈৰ সন্মান লাভ কৰে হিদিচাজিৰ দলৰ জেকচন বে আৰু শ্ৰেষ্ট গ’ল কীপাৰৰ সন্মান লাভ কৰে হিদিচাজিৰ দলৰ চাৰপাংৰি ৰংপিয়ে ৷ খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত খেলখনৰ আয়োজক ডিফু পৌৰ নিগমৰ তেৰ নং ৱাৰ্ডৰ ৱাৰ্ড কমিতৃচনাৰ ছিমন ফাংচ’ৱে কয়যে, উক্ত খেলপথাৰত চলিত বছৰতে অক্টোবৰ প্ৰথম সপ্তাহতে ধনশিৰি পৰিষদীয় সমষ্টিৰ ক্লাৱ সমূহৰ মাজত লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত কৰা হব ৷
ইয়াৰোপৰি খেল পথাৰখনৰ উন্নীত কৰণৰ বাবে স্থানীয় বিধায়ক পূঁজীৰ ব্যৱহাৰ কৰা হব বুলি কয় ৷ আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থকা পূৱ কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণে কয়যে, চূড়ান্ত খেলখনত দুয়োটা দলে আকৰ্ষণীয় আৰু আমোদজনক খেল প্ৰদৰ্শন কৰিছে এনেদৰে খেলিলে এই দল সমূহৰ পৰা একোজন দক্ষ আৰু বিচক্ষণ খেলুৱৈৰ সৃষ্টি হব আৰু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰায়ৰ বাবে নিৰ্বাচিত হোৱাৰ আশা আছে ৷
খেলৰ প্ৰথমাৰ্দধত স্থানীয় বিধায়ক বিদ্যাচিং ইংলেং মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিছিল যদিও বিশেষ কাৰণ বশতঃ তেওঁৰ প্ৰস্থানৰ পিছত কাৰবি আংলঙ বিজেপি সভীপতি ধনছিং টেৰণে মুখ্য অতিথি হিচাপে থাকে ৷ খেলখনত সন্মানীয় অতিথি হিচাপে ভিডিচি অধ্যক্ষ এনড্ৰিউ ৰংপি, গ্ৰেটাৰ বাজাৰ কমিটি ডিফুৰ প্ৰাক্তন সভাপতি বিৰেন ৰংপি আৰু অনান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷













