![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰট’কলৰ সম্পূৰ্ণ নীতি নিয়ম অনুসৰণ কৰি দেওবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷
স্বাধীনতা দিৱস উপলক্ষে মুখ্য অতিথি হিচাপে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি জাতীয় পতাকা উত্তোলন কৰে ৷ ছাত্ৰ-ছাত্ৰী, এনচিচিৰ , সাংস্কৃতিক ট্ৰুপ আৰু বিভাগীয় প্ৰদৰ্শন নোহোৱাকৈৱেই অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷
ভাষণ প্ৰসংগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাৰ দক্ষতা, বিচক্ষণতা আৰু পাৰদৰ্শিতাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে বিজেপি শাসন কালত অভূতপূৰ্ব উন্নয়ন আৰু সমবিকাশৰ কথা দোহাৰে ৷
কাৰবি আংলঙক এখন জাকত জিলিকা জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে অসমক বৰ অলম ৰূপে গঢ়ি তুলিবলৈ অসম ৰাজ্যৰ ভিতৰতে থাকি সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক) অনুসৰি এখন স্বায়ত্তৰাজ্য গঢ়ি তোলাত সংকল্পবদ্ধ বুলি কয় ৷ অসম চৰকাৰে পশ্চিম কাৰবি আংলঙত এখন ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদকলৈ এখন পূৰ্ণাংগ পৰ্যায়ৰ বিশ্ববিদ্যালয় ৰূপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতি জিলাবাসীৰ বাবে সুখবৰ বুলি কয় ৰংহাঙে ৷
আনহাতে অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে হৈ থকা সীমা সমস্যাৰ সমাধানৰ বাবে সীমান্তঞ্চলত কামাণ্ডো বেটেলিয়েন ট্ৰেইনিম চেণ্টাৰ খোলাৰ ব্যৱস্থা কৰা কাৰ্যৰ বাবে অসম চৰকাৰ শলাগৰ পাত্ৰ বুলি কয় ৷ আনহাতে চলিত মাহতেই কাৰবি আংলঙৰ আলোচনা পন্থী সহস্ৰ সংগঠনৰ সৈতে শান্তি চুক্তি হোৱাৰ সম্ভাৱনা থকা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ়্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
ইয়াৰ পিছতে পেৰেডত অংশ গ্ৰহণ কৰা আৰক্ষী বিষয়া সকলক মধ্য সংমণ্ডলৰ ডিআইজি সত্যৰাজ হাজৰিকাই সন্মানিত কৰাৰ পিছত ক’ভিড কালীন অৱস্থাত বিভিন্ন স্বাস্থ্য কেন্দ্ৰ আৰু ক’ভিড কেন্দ্ৰত কৰ্মৰত স্বাস্থ্য কৰ্মী সকলক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰোপৰি শ্ৰেষ্ট ভিডপি আৰু আৰক্ষী কণিষ্টবলৰ পাৰদৰ্শিতাৰ বঁটা ও সম্বৰ্ধনা জনোৱা হয় ৷













