![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।৬ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ বোকাজান আৰক্ষীৰ জালত নগা দম্পত্তি।আৰক্ষীয়ে আটক কৰা নগা দম্পত্তিৰ পৰা প্ৰায় ২.১৭ কেজি পৰিমাণ ড্ৰাগছ জব্দ কৰে৷
যোৱা নিশা অসম নাগালেণ্ডৰ সীমান্তৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছখিনি।কম্বলৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰাগছ।ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক আটক কৰে খটখটি আৰক্ষীয়ে।ধৃত ৰজি ৰেংমেই আৰু আংমা কামেইক আটক আৰক্ষীৰ।জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে।ডিমাপুৰৰ পৰা অসমলৈ আনিছিল ড্ৰাগছখিনি।













