ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : শেহতীয়াকৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা বিভিন্ন গোচৰৰ অভিযুক্তৰ ওপৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনা ধাৰাবাহিক ভাবে সংঘটিত হৈ অহাৰ সময়তে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আজি আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা অৱস্থাতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ আহত হয় এগৰাকী দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী ৷
প্ৰসংগ ক্ৰমে, উল্লেখযোগ্য যে যোৱা সোমবাৰে কাৰবি আংলং জিলাৰ ধনশিৰি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই এএছ ০৭ ডি ০০০৭ নম্বৰৰ ক’লা ৰঙৰ স্কৰপিঅ’ খনত তালাচী অভিযান চলাই বৃহৎ পৰিমানৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ জব্দকৃত স্কৰপিঅ খনৰ পৰা আৰক্ষীয়ে প্ৰায় ৭ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰইন জব্দ কৰিছিল ৷
ইয়াৰোপৰি জব্দকৃত নিষিদ্ধ হেৰইন খিনিৰ সৰবৰাহৰ লগত জড়িত আফতাব হুছেইন আৰু ছবিৰ হুছেইন নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাকলৈ আৰক্ষীয়ে ডিমাপুৰত অভিযান চলাইছিল ৷
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক চাৰিদিনৰ জিম্মাতলৈ আজি পুনৰ ডিমাপুৰত অভিযান চলাবলৈ নি থকা অৱস্থাতে ৰাঙা পাহাৰৰ কোনো এখন ঠাইত আফতাব হুছেইন ড্ৰাগছ সৰবৰাহকাৰীটো পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলী চালনা কৰাত আফতাব হুছেইন নামৰ সৰবৰাহকাৰীটোৰ ভৰিত গুলীবিদ্ধ হৈ আহত হয় ৷ গুলবিদ্ধ আফতাব হুছেইনক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত প্ৰেৰণ কৰা হয় ৷














