নিউজ ডেস্কঃ
প্রকাশ হ’ল চিবিএছইৰ দশম শ্রেণীৰ ফলাফল। এই বছৰ উত্তীৰ্ণৰ হাৰ ৯৯.০৪ শতাংশ, যোৱা বছৰ যিটো আছিল ৯১.৪৬ শতাংশ। এই বছৰ ত্রিবান্দ্রমৰ শিক্ষাৰ্থীসকলৰ ফলাফল সকলোতকৈ ভাল, উত্তীৰ্ণৰ হাৰ ৯৯.৯৯ শতাংশ।
এই বছৰ মুঠ পৰীক্ষার্থীৰ সংখ্যা আছিল ২১ লক্ষ ১৩ হাজাৰ ৭৬৭। ইয়াৰ ভিতৰত মঙ্গলবাৰে ২০ লক্ষ ৯৭ হাজাৰ ১২৮ জন পৰীক্ষার্থীৰ ফলাফল প্রকাশ কৰা হৈছে। ১৬ হাজাৰ ৬৩৯ জন পৰীক্ষার্থীৰ মূল্যায়ন এতিয়াও ঘোষণা কৰা হোৱা নাই। সেইহোৰ কেতিয়া প্রকাশ কৰা হ’ব, সেয়া পৃথককৈ ঘোষণা কৰিব বোৰ্ডে।
এই বছৰ ছাত্ৰীৰ তুলনাত ছাত্ৰৰ ফলাফল ভাল। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৯.২৪ শতাংশ। ৯৯.৮৯ শতাংশ উত্তীৰ্ণৰ হাৰ ছাত্ৰৰ।
কৰোনা পৰিস্থিতিত এই বছৰ পৰীক্ষা বাতিল হয়। ইউনিট টেষ্ট আৰু আগৰ বোর্ড পৰীক্ষাত লাভ কৰা নম্বৰৰ ৮০ শতাংশ আৰু ব্যৱহাৰিক আৰু প্রজেক্টৰ ২০ শতাংশ মিলাই পৰীক্ষার্থীসকলৰ মূল্যায়ন কৰা হৈছে।