![]()
অলিম্পিক হকীত ভাৰতৰ ইতিহাস সৃষ্টিকাৰী কোৱাৰ্টাৰ ফাইনেলত একমাত্ৰ গ’লটো কৰিছিল গুৰজিৎ কৌৰ৷ পঞ্জাবৰ অমৃতসৰৰ মিয়াদি কলন গাঁৱত ১৯৯৫ চনৰ ২৫ অক্টোবৰত জন্ম গুৰজিতৰ। পিতৃৰ নাম সতনাম সিং, পেছাত তেওঁ কৃষক। মাতৃ হৰজিন্দৰ কৌৰ গৃহিণী। সতনামে প্ৰথমে দুই জীয়ৰী প্রদীপ আৰু গুৰজিতক ১৩ কিঃমিঃ দূৰৈৰ বিদ্যালয় এখনত নামভর্তি কৰাই দিছিল। নিজে চাইকেলেৰে অনা-নিয়া কৰিছিল দুই জীয়ৰীক।
পিছত ঘৰৰ পৰা ৭০ কিঃমিঃ দূৰৈৰ তৰ্ণ তাৰণ জিলাৰ কাইৰনৰ এখন বর্ডিং স্কুলত দুয়োকে নামভর্তি কৰাই দিয়ে। উক্ত স্কুলখনতেই আছিল মহিলা হকীৰ প্ৰশিক্ষণ শিবিৰ। তাৰ পৰাই সৃষ্টি হৈছে দেশৰ বহু হকী খেলুৱৈ। তাতেই হয় গুৰজিতৰ প্ৰথম অলিম্পিকৰ সৈতে পৰিচয়।
খেলত ভাল প্ৰদৰ্শন কৰাৰ বাবে দুই ভনীয়েকে লাভ কৰে স্কলাৰশ্বিপ। ২০১১ চনলৈ উক্ত স্কুলখনত পঢ়াৰ পিছত তাত খেলত অধিক মনোযোগ দিয়াৰ লগতে উন্নতিও লাভ কৰে। পিছত ক্রীড়াৰ বাবে তেওঁ ভাৰতীয় ৰে’লত চাকৰিও লাভ কৰে।
২০১৪ চনত প্রথমবাৰ হকীৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰে। কিন্তু প্রথম তিনি বছৰ তেনেদৰে খেলাৰ সুযোগ লাভ কৰা নাছিল গুৰজিতে। ২০১৭ চনৰ পৰাহে ৰাষ্ট্ৰীয় দলৰ নিয়মীয়া সদস্য হয়। বৰ্তমান দলত তেওঁৰ স্থান নিগাজী।
২০১৭ চনত তেওঁ নেদাৰলেণ্ড ভ্ৰমণলৈ যায়৷ তাত তেওঁ হকীৰ এক কৌশল ড্ৰেগ ফ্লিকৰ উন্নত প্রশিক্ষণ লয়। লগতে সহায় কৰে তেওঁৰ বৰ্তমানৰ প্ৰশিক্ষক শ্বোৱার্ড মাৰিনে। মাৰিনৰ পৰামৰ্শতে গুৰজিতে গধুৰ হকী ষ্টিক ব্যৱহাৰ কৰিবলৈ লয়।
২০১৮ চনৰ এছিয়ান গেমছত গুৰজিতৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। জাপানত অনুষ্ঠিত এফআইএইচ শৃংখলাত ভাৰতৰ সর্বোচ্চ গ’লদাতা আছিল গুৰজিত।













