![]()
নিউজ ডেস্কঃ
ফাইনেলত প্ৰৱেশ কৰিও দেশক ডিছকাছ থ্ৰ’ত পদক দিব নোৱাৰিলে কমলপ্রীত কৌৰে। বহু তাৰকা খেলুৱৈক চেৰ পেলাই ফাইনেলৰ যোগ্যতা অর্জন কৰিলেও শেষ ৰক্ষা নহ’ল কমলপ্ৰীতৰ৷
খেলৰ আৰম্ভণিৰে পৰা আক্রমণাত্মক ভঙ্গীত আছিল কমলপ্রীত। প্রথম প্রচেষ্টাত ৬১.৬২ মিটাৰ দলিয়ায়। পিছৰ থ্র’ত সঠিক পদ্ধতিত দলিয়াব নোৱাৰাত ফাউল হয়। তৃতীয় থ্র’ৰ পূৰ্বেই তেওঁ হঠাৎ ৯ নম্বৰ স্থানলৈ নামি যায়। কমলপ্রীতে ৬৩.৭০ মিটাৰ দলিয়াই প্রথম আঠত স্থান নিশ্চিত কৰিলেও শেষ কৰে ছয় নম্বৰত।
প্রথম আঠজনৰ মাজত হোৱা পদকৰ যুঁজত প্রত্যেকে তিনিটাকৈ সুযোগ লাভ কৰে।
প্রথম প্রচেষ্টাত কমলপ্ৰীতৰ থ্র’ ফাউল হয়। দ্বিতীয় প্রচেষ্টাত ৬১.৩৭ মিটাৰ দলিয়ায়। তৃতীয় থ্র’টিও ফাউল হয়।
আ্হাতে, ৬৮.৯৮ মিটাৰ থ্র’ কৰি সোণৰ পদক জয় কৰে আমেৰিকাৰ ভেলেৰি অলমেনে। ৬৬.৮৬ মিটাৰেৰে দ্বিতীয় জার্মানীৰ ক্রিস্টিন প্রুডেঞ্জ আৰু তৃতীয় কিউবাৰ ইয়ামি পেৰেজ (৬৫.৭২ মিঃ)।













