![]()
নিউজ ডেস্কঃ
মহিলাৰ ১০০ মিটাৰত সোণৰ পদক জয় কৰিলে জামাইকাৰ এলাইনি থমছন-হেৰাই। প্রতিযোগিতাৰ অন্যতম শ্ৰেষ্ঠ দৌৰবিদ হিচাবে ভাবি থকা শেলি এন ফ্রেজাৰ প্রাইছক চেৰাই চেম্পিয়ন হয় তেওঁ। যোৱাবাৰ ৰিঅ’ অলিম্পিকতো সোণৰ পদক জয় কৰিছিল এলাইনিয়ে। শনিবাৰে প্রথম তিনিটা স্থানেই দখল কৰে জামাইকাৰ দৌৰবিদসকলে।
উল্লেখ্য, শেলিয়েই এইবাৰ সকলোৰে দৃষ্টিত মহিলা শাখাত সকলোতকৈ আগত আছিল। কিন্তু হিচাব সলনি কৰি নিজৰ সোণৰ পদক অক্ষত ৰাখিলে এলাইনিয়ে। নতুন অল্ম্পিক ৰেকৰ্ডেৰে দৌৰ শেষ কৰে ১০.৬১ ছেকেণ্ডত। শেলিয়ে শেষ কৰে ১০.৭৪ ছেকেণ্ডত। তৃতীয় স্থানত থকা ছেৰিকা জেকছনে ১০.৭৬ ছেকেণ্ডত দৌৰ শেষ কৰে।
জামাইকাৰ মাঞ্চেষ্টাৰ পেৰিচত জন্ম এলাইনিৰ। প্রথমে ক্রিষ্টিয়ানা হাইস্কুল আৰু পিছত মাঞ্চেষ্টাৰ হাইস্কুলত পঢ়ি থাকোতেই দৌৰত পাৰদৰ্শিতা দেখুৱাইছিল। প্রথমে তেওঁ স্প্রিণ্টাৰ নাছিল। বৰং দীৰ্ঘ দূৰত্বৰ দৌৰতেই বেছি আগ্রহ আছিল। লাহে লাহে স্প্রিণ্টাৰ হিচাবে নিজকে গঢ়ি তোলে।
ৰিঅ’ অলিম্পিকত ১০০ মিটাৰৰ উপৰি ২০০ মিটাৰতো সোণৰ পদক লাভ কৰিছিল তেওঁ। ৰিলেত জামাইকাই ৰূপৰ পদক পাইছিল। এইবাৰো ২০০ মিটাৰ আৰু ৰিলেত দেখা যাব তেওঁক।













