![]()
নিউজ ডেস্কঃ
অলিম্পিক বেডমিণ্টনত ফাইনেল খেলাৰ প্ৰবল দাবীদাৰ হৈও ছেমি ফাইনেলতে স্তব্ধ হ’ল ভাৰতীয় শ্বাটলাৰ পিভি সিন্ধুৰ প্ৰত্যাহ্বান৷ আজি অনুষ্ঠিত ছেমি ফাইনেলত চীনা টাইপেৰ প্ৰতিদ্বন্দ্বী টাই জুং-ইয়ঙৰ হাতত পোনপটীয়া ছেটত পৰাস্ত হয় সিন্ধু৷ প্ৰথম ছেটত আগবাঢ়ি থাকিও ১৮-২১ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত দ্বিতীয় ছেটো হেৰুৱায় ১২-২১ ব্যৱধানত৷ লগে লগে স্তব্ধ হ’ল এইবাৰৰ অলিম্পিকত সিন্ধুৰ গতি৷













