নিউজ ডেস্কঃ
হেয়াৰ ড্রেছাৰ আলিম হাকিমৰ হাতৰ যাদুত এইবাৰ নতুন ৰূপত মহেন্দ্র সিং ধোনি। চুলিত ‘ফক্স হক কাট’ৰ উপৰি দাড়িতো নতুন ষ্টাইল লৈ আহিছে মাহি।
কিছুদিন পূৰ্বে ভাৰতীয় দলৰ জাৰ্চি পিন্ধি এক বিজ্ঞাপনৰ শ্বুটিঙত ফাৰহা খানৰ সৈতে দেখা গৈছিল ধোনিক।বলিউডৰ পৰিচালক ফাৰহাই তাৰ পিছত নিজকে ধোনিৰ অনুৰাগী বুলি জনায়।
আসন্ন আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা দেখা যাব ধোনিক। ধোনিৰ নেতৃত্বত আইপিএলত সুবিধাজনক স্থানত আছে চেন্নাই ছুপাৰ কিংছ। তাৰ পূৰ্বে নতুন ৰূপত ধৰা দিলে মাহিয়ে। তেওঁৰ এই ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল।