![]()
নিউজ ডেস্কঃ
এইবাৰৰ অলিম্পিক ভিলেজৰ বিছনাক ‘এন্টি ছেক্স বেড’ নাম দিয়া হৈছিল। উক্ত বিছনাত এজনৰ বেছি উঠিলে বা বেছি লৰচৰ কৰিলেই ভাঙি যাব বুলি জনা গৈছিল। কিন্তু এজন প্রতিযোগীয়ে বিছনাৰ ওপৰত উঠি জঁপিওৱাৰ ভিডিও প্রকাশ কৰে। বুজাই দিয়ে যে বিছনা ভঙা নাই। অৱশ্যে অৱশেষত উক্ত বিছনা ভাঙিহে এৰে ইজৰাইলৰ প্রতিযোগীসকলে।
ইয়াৰ এটি ভিডিও ভাইৰেল হয় নেট মাধ্যমত। তাত দেখা গৈছে গেমছ ভিলেজৰ এখন বিছনাত নজন প্রতিযোগীয়ে জঁপিয়াইছে। এসময়ত ভাঙি যায় বিছনাখন। মুহূর্তৰ ভিতৰতে ভাইৰেল হৈ যায় ভিডিওটি।
অৱশ্যে এই ঘটনাক খুব এটা ভাল চকুৰে চোৱা নাই জাপানৰ মানুহে। বহুতে মন্তব্য কৰিছে, ‘অন্যৰ বস্তু এনেদৰে নষ্ট কৰাৰ কি অর্থ?’ কোনোৱে আকৌ লিখিছে, ‘এই ঘটনা কোনো কাৰণতে আনন্দৰ নহয়। এজন জাপানিজ হিচাবে খুবেই দুখৰ।’













