![]()
নিউজ ডেস্কঃ
অপেক্ষাৰ অৱসান ঘটাই দেশলৈ উভতিল অলিম্পিকৰ ‘ৰূপালী কন্যা’ মীৰাবাই চানু। তাকে লৈ দিল্লী বিমানবন্দৰত দেখা গ’ল তীব্র উচ্ছ্বাস-উদ্দীপনা।
সোমবাৰে বিয়লি চাৰে চাৰিটাত দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰে চানুৰ বিমানে। পূৰ্বৰ পৰাই তেওঁৰ বাবে অপেক্ষা কৰি আছিল অসংখ্য লোকে। চানু বাহিৰলৈ ওলোৱাৰ লগে লগেই তেওঁক উদ্দেশ্যি হাত জোকাৰি অভিবাদন দিয়ে উপস্থিত লোকসকলে। চানুৱেও হাত জোকাৰি সমর্থকসকলৰ অভিবাদন গ্রহণ কৰে। লগতে প্ৰতিধ্বনিত হৈ থাকে ‘ভাৰত মাতা কি জয়’ ধ্বনি।
চানুৰ নিৰাপত্তাৰ বাবে উপস্থিত আছিল যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী। নিৰাপত্তাৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজতো অগণিত শুভাকাংক্ষী বিমানবন্দৰৰ বাহিৰত থিয় হৈ আছিল চানুক এবাৰ চোৱাৰ বাবে।
ইফালে বিমানবন্দৰত চানুক ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় ভাৰোত্তোলন সন্থাৰ বিষয়াসকলে। তেওঁৰ হাতত তুলি দিয়ে বিশেষ মণিপুৰী শ্বল।
সোমবাৰে বিমানবন্দৰত নমাৰ পিছতেই আৰটি-পিচিআৰ পৰীক্ষা কৰা হয় চানুৰ। আজিয়েই তেওঁ ইম্ফললৈ ৰাওনা হ’ব। নংপক কাকচিং গাঁৱত ইতিমধ্যেই সৃষ্টি হৈছে উৎসৱৰ পৰিবেশ। ঘৰৰ জীয়ৰীক আদৰিবলৈ সকলো প্ৰকাৰে প্ৰস্তুত পৰিয়াল তথা প্রতিবেশীসকল।












