![]()
নিউজ ডেস্কঃ
অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ উভতাৰ লগে লগেই বিশেষ উপহাৰ লাভ কৰিলে মীৰাবাই চানুই। মণিপুৰ চৰকাৰে তেওঁক মণিপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্থাৎ এএছপি(এডিচনেল ছুপাৰিনটেণ্ডেণ্ট অব পুলিচ)ৰ পদ প্ৰদানৰ কথা ঘোষণা কৰিছে৷ উল্লেখ্য, আজি টকিঅ’ৰ পৰা দিল্লীলৈ উভতিছে এইগৰাকী ভাৰতীয় ভাৰোত্তোলক। বিমানবন্দৰত তেওঁক স্বাগতম জনাবলৈ উপস্থিত আছিল যথেষ্ট সংখ্যক লোক।
উল্লেখ্য, ৰে’লৰ টিকট পৰীক্ষক হিচাবে ইয়াৰ পূৰ্বে তেওঁ কাম কৰিছিল গুৱাহাটীত। অলিম্পিকত সাফল্যৰ পিছতেই ভিডিও কলৰ জৰিয়তে তেওঁৰ সৈতে কথা পাতে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে। তেওঁ কয়, ‘তুমি আৰু ষ্টেচনত ৰে’লত টিকট পৰীক্ষাৰ কাম কৰিব নালাগে। মই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিম। ইয়াতকৈ বেছি মই এতিয়া একো নকওঁ। তোমাৰ বাবে ছাৰপ্রাইজ ৰাখিছো।’
সেই মতেই চানু দেশলৈ উভতাৰ লগে লগেই তেওঁৰ পদোন্নতিৰ কথা ঘোষণা কৰে মণিপুৰ চৰকাৰে। কেৱল সিমানতেই শেষ নহয়, পূৰ্বতেই চানুক এক কোটি টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল মণিপুৰ চৰকাৰে। আৰু এইবাৰ চাকৰিত পদোন্নতি।













