![]()
নিউজ ডেস্কঃ
টকিঅ’ অলিম্পিকৰ দ্বিতীয় দিনাই দেশক প্রথম পদক উপহাৰ দিয়া মীৰাবাই চানুক লৈ এতিয়া সমগ্ৰ দেশ আনন্দত মতলীয়া। সেই আনন্দ বিয়পিছে মণিপুৰৰ ইম্ফলৰ নংবক কাকচিং গাঁৱতো। কিয়নো এই গাঁৱেই চানুৰ জন্মস্থান। চানুৰ ককায়েৰ ইশাতন মিতাই ভগ্নীৰ সাফল্যত উৎফুল্লিত।
শনিবাৰে টকিঅ’ত যেতিয়া চানুই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছিল, সেই সময়ত মণিপুৰৰ চানুৰ ঘৰৰ সন্মুখত আছিল গাঁওবাসীৰ ভিৰ। গাঁৱত ডাঙৰ-দীঘল হোৱা সৰু ছোৱালীজনীৰ অলিম্পিক পদক বিজয় সকলোৱে একেলগে টিভিত চাই আছিল। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত ইশাতনে কয়, ‘‘সৰুকালত ঘৰৰ সৰু-সুৰা কামত সহায় কৰিছিলো। পুখুৰীৰ পৰা পানী অনাটো আমাৰ ভাই-ভনীহালৰ দায়িত্ব আছিল। ডাঙৰ হোৱাৰ পিছত খেলাৰ বাবে বেঠিভাগ সময় তেওঁ ঘৰৰ বাহিৰতেই থাকিবলগা হৈছিল। বহু কঠিন সময় পাৰ কৰিবলগা হৈছে তেওঁ। বহু ধুমুহা পাৰ হৈ গৈছে মূৰৰ ওপৰেৰে।’’
মণিপুৰৰ পৰা টকিঅ’ অলিম্পিকৰ পদক জয়ৰ পথ ইমান সহজ নাছিল। ২০১৬ চনত অলিম্পিকলৈ গ’লেও স্বপ্ন পূৰণ হোৱা নাছিল। এইবাৰ অৱশ্যে সেই আক্ষেপ আৰু নাই বুলি প্ৰকাশ কৰে ইশাতনে। জ্যষ্ঠ ভাতৃগৰাকীয়ে কয়, ‘‘তেওঁ দেশৰ নাম উজ্জ্বল কৰিছে। আমাৰ ৰাজ্য, জিলাকো সন্মানিত কৰিলে এই বিজয়েৰে।’’
কেৱল পৰিয়ালৰ লোকসকলেই নহয়, ওচৰ-পাজৰৰ গাঁওবাসীও আনন্দত মতলীয়া। বিগত পাঁচ বছৰ ধৰি আজিৰ এই দিনটোৰে সপোন দেখিছিল চানুই। সেই সপোন বাস্তৱ কৰিবলৈ দিনত ৮ ঘণ্টাৰো বেছি অনুশীলন কৰিছিল বুলি জনায় তেওঁৰ ককায়েকে। জীয়ৰীৰ সপোন পূৰণত সুখী তেওঁৰ পিতৃ-মাতৃও। বৰ্তমান তেওঁলোক গাঁৱতে আছে। অপেক্ষা কৰিছে কেতিয়া তেওঁ ঘৰলৈ উভতিব, এবাৰ সাৱটি ধৰিব। ইশানতে কয়, ‘‘মনে বিচাৰিছে তেওঁ ঘৰলৈ অহাৰ পিছত বিৰাট ডাঙৰ উৎসৱ পালন কৰিবলৈ। কিন্তু কৰোনাৰ কথা মনত ৰাখি সেয়া সম্ভৱ নহয়।’’












