![]()
নিউজ ডেস্কঃ
চলিত টকিঅ’ অলিম্পিকৰ প্রথম পদক বিজয়ী মীৰাবাই চানুৰ প্রশংসাত এতিয়া সমগ্ৰ দেশ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰত লিখিছে, ‘ইয়াতকৈ ভাল আৰম্ভণি একো হ’ব নোৱাৰে। মীৰাবাই চানু তোমাৰ বাবে সমগ্ৰ দেশ গর্বিত। টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ৰ বাবে তোমাক অভিনন্দন জনালো। তোমাৰ সাফল্যই সমগ্ৰ দেশৰ সাধাৰণ মানুহক উজ্জীৱিত কৰিব।’

ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে লিখিছে, ‘ভাৰোত্তোলনৰ জৰিয়তে দেশক প্রথম পদক আনি দিয়াৰ বাবে তোমাক বহুত অভিনন্দন। আৰু আগুৱাই যোৱা।’
উল্লেখ্য, ২৬ বছৰীয়া চানুই তেওঁৰ ৪৯ কিলোগ্ৰাম বিভাগত অন্যতম ফেভাৰিট হিচাবেই আৰম্ভ কৰিছিল। ভাৰতৰ পদক জয়ৰ আশা পূর্ণ কৰিলে তেওঁ।

তেওঁত শুভেচ্ছা জনাইছে অভিনৱ বিন্দ্রা, দীপা কর্মকাৰ, যোগেশ্বৰ দত্ত, হিমা দাসৰ দৰে ক্রীড়াবিদসকলেও। শচীন তেণ্ডুলকাৰ, সুনীল ছেত্রীৰ দৰে ক্রীড়াবিদসকলেও তেওঁক শুভেচ্ছা জনাইছে।













