![]()
নিউজ ডেস্কঃ
কৰোনা অতিমাৰিত প্ৰাণ হেৰুওৱা বিশ্বৰ লোকসকলক সমবেদনা জনাই আৰম্ভ হ’ল এইবাৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। মৌন প্ৰাৰ্থনা কৰা হয় কৰোনাৰ বলি হোৱাসকলৰ বাবে। যোৱা বছৰ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰোনাৰ বাবেই পিছুৱাই যায়। বহু অপেক্ষাৰ পিছত শুক্রবাৰৰ পৰা আৰম্ভ হ’ল উক্ত প্রতিযোগিতা।

দর্শকহীন ষ্টেডিয়ামতেই অনুষ্ঠিত হৈছে এইবাৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। গেম ভিলেজত কৰোনা সংক্রমণ ধৰা পৰাত শেষ মুহূর্তত হ’লেও অলিম্পিক বাতিল হোৱাৰ আশঙ্কাৰ সৃষ্টি হৈছিল আয়োজক প্রধানৰ বক্তব্যত। অৱশ্যে উদ্বোধনী অনুষ্ঠানে সম্প্ৰতি স্বস্তি দিলে ক্রীড়াপ্রেমীসকলৰ মনত।
উদ্বোধনী অনুষ্ঠানত মার্চ পাষ্টত অংশ লৈ ভাৰতৰ হৈ পতাকা বহন কৰে বক্সাৰ মেৰি কম আৰু হকী দলৰ অধিনায়ক মনপ্রীত সিঙে। ভাৰতীয় প্রতিযোগীসকলে খাকী ৰঙৰ পোছাক পিন্ধি মার্চ পাষ্টত অংশ লয়। তেওঁলোকৰ গাত আছিল নীলা ৰঙৰ ব্লেজাৰ। ভাৰতৰ পৰা ১২৭ জন প্রতিযোগীয়ে এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছে। এইবাৰেৰে অলিম্পিকত ২৫ বাৰ অংশ ল’লে ভাৰতে।

অৱশ্যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই কিছু কিছু খেল আৰম্ভ হৈ গৈছে। শুক্রবাৰে ভাৰতৰ আৰ্চাৰী দলে প্ৰাৰম্ভিক বাছনিত অংশ লৈছিল। তাত মহিলাৰ বিভাগত নৱম স্থান লাভ কৰে দীপিকা কুমাৰীয়ে। পুৰুষৰ বিভাগত ভাৰতৰ তিনি আৰ্চাৰৰ ভিতৰত ৩১ নম্বৰ স্থান লাভ কৰিছে প্রবীণ যাদৱে, ৩৫ নম্বৰত অতনু দাস আৰু ৩৭ সংখ্যক স্থানত আছে তৰুণদীপ ৰায়।













