![]()
নিউজ ডেস্কঃ
আইপিএল, ইউৰো কাপ, কোপা আমেৰিকা, ফৰাচী অপেন, উইম্বলডনৰ পিছত এইবাৰ টোকিঅত অলিম্পিক। ক্রীড়া বিশ্বৰ দৃষ্টি এতিয়া সেই দিশেই। কৰোনাৰ বাবে বিগত বছৰ অলিম্পিক আয়োজন কৰিব পৰা হোৱা নাছিল। এই বছৰ আয়োজন কৰা হ’লেও কৰোনাই চকু ৰঙা কৰিছে।
অলিম্পিকৰ গেমছ ভিলেজত শনিবাৰে প্রথম কৰোনা আক্রান্তৰ পিছত মঙ্গলবাৰে সেই সংখ্যা উপনীত হৈছে ৬৭-ত।
ইফালে শনিবাৰে টকিঅত কৰোনা আক্রান্তৰ সংখ্যা আছিল ১৪১০। শেষ তিনি মাহৰ ভিতৰত যিটো সর্বোচ্চ। অলিম্পিক আৰম্ভণিৰ তিনি দিন পূৰ্বে যাক লৈ এতিয়া চিন্তা বাঢ়িছে আয়োজকসকলৰ। বিশেষজ্ঞসকলৰ অনুমান, এক মাহৰ ভিতৰত টকিঅত দৈনিক আক্রান্তৰ সংখ্যা দুই হাজাৰ অতিক্ৰম কৰিব পাৰে।













