![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকৰ মাজতে অহা ২৩ জুলাই পৰা অনুষ্ঠিত হ’ব টকি’অ অলিম্পিক। টকি’অ অলিম্পিকৰ মহিলাৰ ৬৯ কেজি শাখাৰ বক্সিংত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যা লাভলীনা বৰগোঁহাই।
টকি’অ অলিম্পিকত অংশগ্ৰহণৰ বাবে ১৭ জুলাইত উৰা মাৰিব অসম কন্যাগৰাকীয়ে। গোলাঘাটৰ ধনশিৰীৰ জীয়ৰী লাভলীনাক লৈ আশাবাদী সমগ্ৰ দেশৰ লগতে অসমবাসীয়ো।
অলিম্পিক যাত্ৰাৰ পূৰ্বে লাভলীনাক বিভিন্নজনে জনাইছে শুভেচ্ছা। ভাল খবৰ যে ৬৯ কেজি শাখাত লাভলীনা বিশ্ব ৰেংকিংত তৃতীয় স্থানত আছে।













